August 26, 2024 6:41 PM

views 20

আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰীয় নাগৰিক অধিকাৰ সংগ্ৰহালয় পৰিদৰ্শন কৰি টেনেছিৰ মেম্পিফছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আটলাণ্টা, মেম্পিফছ আৰু নেচভিলৰ পৰা অহা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি শ্রীসিঙে তেওঁলোকৰ কৃতিত্ব, সমাজ, বিজ্ঞান আৰু অৰ্থনীতিলৈ আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে প্ৰশংসা কৰে। শ্ৰীসিঙে তেওঁলোকক ভাৰত আৰু আমেৰিকাৰ মাজৰ এখন জীৱন্ত সেতু বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত তেওঁলোকৰ সদিচ্ছা আৰু ঘনিষ্ঠ সম্পর্ক সম্ভৱ হৈ...