February 6, 2025 12:38 PM February 6, 2025 12:38 PM
5
ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নির্মাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ক্ষেত্র বিষয়াসকলক নিৰ্দেশ
সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪ হাজাৰ ৯৬ কিলোমিটাৰ জোৰা এলেকাত অবৈধ নির্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ক্ষেত্র বিষয়াসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল'বলৈও নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰটোত সীমান্ত অঞ্চলত এনে ৮০ টা অবৈধ নিৰ্মাণৰ ঘটনা পোহৰলৈ আহিছিল। বাহিনীটোৰ উত্তৰ বংগ সীমান্তই প্ৰকাশ কৰা মতে এনে নির্মাণ ক্রমান্বয়ে ...