July 13, 2024 10:39 AM

views 21

ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

● ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো জার্মানীত অনুষ্ঠিত ব্রাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বালাজী আৰু এস্কোবাৰৰ যুটীটোৱে কালি ছেমি ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মেটৱে মিডিলকুপক ৬-৩, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইকুৱেডৰ যুটীটো আজি ফাইনেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ এৰেন্দ্ৰছ আৰু ৰবিন হাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব।

June 15, 2024 2:49 PM

views 26

এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটীয়ে ইটালীৰ পেৰুগিয়াত চলি থকা এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত-জার্মানীৰ এই যুটীয়ে আজি সন্ধিয়া হ'বলগীয়া ফাইনেলত মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেয়েছ-ভাৰেলা আৰু আৰ্জেণ্টিনাৰ গুইড' আন্ড্রেঅজ্জীৰ যুটীৰ বিৰুদ্ধে খেলিব। বালাজী আৰু বেগেমেনৰ যুটীয়ে কালি অনুষ্ঠিত ছেমিফাইনেলত ইটালীৰ ফ্ৰান্সেছক' মাষ্ট্ৰেল্লি আৰু ফেডেৰিক' ছিনাক ৬-৩, ৩-৬, ১০-৬ ছেটত পৰাস্ত কৰিছিল। ইপিনে নিখিল ভাৰত টেনিছ সংস্থাই পেৰিছ অলিম্প...