June 6, 2024 11:40 AM

views 26

ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত পি ভি সিন্ধু

ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধু ইণ্ডোনেছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছে। খেলুৱৈগৰাকী কালি জাকাটাত চীনা টাইপেইৰ প্ৰতিদ্বন্দ্বী ছু ৱেন-ছিৰ বিৰুদ্ধে ১৫-২১, ২১-১৫, ১৪-২১ গেমত পৰাস্ত হয়। অৱশ্যে ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু টানিছা ক্রাষ্টোৰ যুটিটো মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জেকি ডেণ্ট আৰু ক্ৰিষ্টেল লাইক ২১-১৫, ২১-১৫ গেমত পৰাস্ত কৰে। ইপিনে, মহিলাৰ ডাবলছত তৃশা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটোৰ লগতে ...