November 26, 2025 8:26 PM

views 28

ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপত প্ৰৱল বৰষুণৰ ফলত সৃষ্টি হোৱা বিধবংসী বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ সুমাত্ৰাত বানে কঢ়িয়াই অনা বোকা, শিল আৰু গছ-গছনিয়ে বহুকেইখন পার্বত্য গাঁও উটুৱাই লৈ যায়। উদ্ধাৰকাৰী বাহিনীয়ে উত্তৰ সুমাত্ৰাৰ ছটা অঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰে চিবোল্ল্গা নামৰ ঠাইৰ পৰা পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হয়। দ্বীপটোত বান আৰু ভূমিস্খলনৰ ফলত বহুসংখ্যক ঘৰ-দুৱাৰ, দলং, ৰাস্তা-পথৰ বিস্তৰ ক্ষতি ...