December 30, 2025 10:24 AM

views 21

ইণ্ডোনেছিয়াত চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু

ইণ্ডোনেছিয়াত চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু হয়। আজি মানাডো আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, যোৱা পৰহি নিশা উত্তৰ চুলাৱেছি প্ৰদেশৰ ৱেৰ্ধা দমাই অৱসৰ গৃহত বাসিন্দাসকল শুই থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ১৫ জন বাসিন্দাৰ মৃত্যু হোৱাৰ লগতে এজন ভুক্তভোগীৰ মৃতদেহ অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আন ১৫ জন আহত লোক বৰ্তমান মানাডোৰ দুখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কাষৰীয়া বাসিন্দাসকলে জৰুৰীকালীন সেৱাক সতৰ্ক কৰি দিয়াৰ পিছত অগ্নিনির্বাপক বাহিনীয...