September 27, 2024 8:06 PM

views 21

ইণ্ডোনেছিয়াত অবৈধ সোণৰ খনি খহি যোৱাত কমেও ১৫ শ্রমিকৰ মৃত্যু, ২৫ গৰাকী নিৰুদ্দেশ

ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ এটা অবৈধ সোণৰ খনি খহি যোৱাৰ ফলত কমেও ১৫ গৰাকী শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ২৫ গৰাকী শ্রমিক নিৰুদ্দেশ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰবৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ছ'লক অঞ্চলৰ নাগাৰি ছুংগাই আবুত এই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে, দুর্গত লোকসকলক উদ্ধাৰ কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।