November 29, 2025 10:47 PM

views 17

শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকললৈ ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ

● শ্রীলংকাত ডিটৱা ঘূর্ণিবতাহে ক্ষতি কৰা লোকসকলৰ বাবে ভাৰতৰ পৰা ২৭ টন সাহাৰ্য্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ. জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আকাশমাৰ্গ আৰু সামুদ্রিক পথেৰে এই সামগ্ৰীসমূহ কলম্বোলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগতে উদ্ধাৰকাৰ্যত সহায়ৰ বাবেও এন.ডি.আৰ.এফৰ ৮০ জন জোৱানক শ্রীলংকালৈ পঠিওৱা হৈছে। উল্লেখযোগ্য যে ডিটৱা ঘূর্ণিবতাহত প্ৰভাৱিত লোকসকলৰ সাহায্যৰ বাবে আৰু উদ্ধাৰ অভিযান শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ...

April 5, 2025 3:35 PM

views 24

প্রধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোেত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিচ্চানায়কেৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ জৰিয়তে চুবুৰীয়া দেশদুখনৰ মাজত কৌশলগত উন্নয়নমূলক মিত্ৰতা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। দুয়োগৰাকী নেতাৰ উপস্থিতিত প্ৰতিৰক্ষা আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক মিত্ৰা বিভূষণা বঁটাৰে সন্মানিত কৰে। এখন সংবাদ মেলত প্রধানমন্ত্রীয়ে কয় যে এয়া কেৱল তেওঁৰ প্ৰতি আগবঢ়োৱা সন্মান নহয়। বঞ...

December 16, 2024 7:46 PM

views 14

শ্ৰীলংকাৰ মাহো-অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ ভাৰত চুক্তিবদ্ধ

শ্ৰীলংকাৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতে ১৪ দশমিক ৯ মিলিয়ন ডলাৰ অৰ্থসাহায্যৰে মাহো-অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ভাৰতে জাফনা বিশ্ববিদ্যালয় আৰু শ্ৰীলংকাৰ ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা এশ গৰাকীকৈ ছাত্ৰক বাৰ্ষিক জলপানি প্ৰদানৰো সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অভ্যাগত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ মাজত আজি নতুন দিল্লীত স্বাক্ষৰিত এলানি চুক্তিৰ অধীনত ভাৰত আৰু শ্ৰীলংকাই আজি দ্বৈত কৰ পৰিহাৰ আৰু কৰ ফাকি প্ৰতিৰোধ সন্দৰ্ভতো দুই দেশ বুজা...