October 13, 2024 11:48 AM

views 17

বাংলাদেশক ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডকলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে এনেধৰণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। ভাৰতে আক্ৰমণকাৰীসকলে মন্দিৰৰ ওপৰত আক্ৰমণ কৰি মন্দিৰ অপৱিত্ৰ কৰা তথা প্ৰতিমাৰ ক্ষতি সাধন কৰাৰ উদ্দেশ্যে পৰিকল্পিত কৌশল অৱলম্বন কৰা দেখা পাইছে বুলি মন্ত্ৰ্...

August 16, 2024 8:07 PM

views 23

বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপ

বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছে দেশখনত বাস কৰা হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সকলো লোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে। উপদেষ্টাগৰাকীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বাংলাদেশৰ সাম্প্ৰতিক স্থিতিৰ বিষয়ে মত বিনিময় কৰে। আলোচনাকালত শ্ৰী মোদীয়ে গণতান্ত্রিক, সুস্থিৰ, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। তেওঁ বিভিন্ন উন্নয়নমূলক উদ্যমৰ জৰিয়তে বাংলাদেশৰ জনসাধাৰণক সহায় কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্...