December 7, 2025 12:10 PM

views 18

দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপ

কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ এয়াৰলাইনছৰ সংকটৰ বাবে বৰঝাৰকে ধৰি দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে আজি নিশা ৮ বজাৰ ভিতৰত বাতিল হোৱা বিমানৰ টিকটৰ ধন যাত্ৰীসকলক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। নির্দেশটোত লগতে বিমান পৰিবহণ সংস্থাটোৱে ৪৮ ঘণ্টাৰ ভিতৰত যাত্ৰীৰ বয়বস্তুবোৰো ঘূৰাই দিব লাগিব বুলি উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগত দেখা দিয়া সংকটৰ সুযোগ লৈ অন্য বিমান পৰিবহন সংস্থাবোৰে টিকটৰ দাম বৃদ্ধি ক...

December 6, 2025 3:56 PM

views 20

ইণ্ডিগ’ বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছেঃ পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু

● অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কৈছে যে ইণ্ডিগ' বিমানসমূহে পলমকৈ চলাচল আৰু বাতিলে সৃষ্টি কৰা সমস্যাৰ কিছু উন্নতি হৈছে। বিমান বন্দৰসমূহত যাত্ৰীসকলে আজিৰে পৰা অধিক সময় অপেক্ষা কৰিব নালাগিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। শ্ৰী নাইডুৱে কয় যে চৰকাৰে প্ৰথমতে বিমান বন্দৰসমূহত হৈ থকা যাত্ৰীৰ ভিৰ কমোৱাত গুৰুত্ব দিছে আৰু এই ক্ষেত্ৰত চৰকাৰে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সক্রিয়ভাৱে কাম কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে অসামৰিক বিমান পৰিবহন মন্ত্রালয়ে শিশু, মাতৃ, ...

December 5, 2025 7:39 PM

views 16

সমগ্র দেশতে আজি ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমান সেৱা বাতিল

দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ' এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত আজিও সমগ্ৰ দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা বেয়াকৈ ক্ষতিগ্রস্ত হয়। গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰতো আজি ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্রা বাতিল কৰা হয় আৰু আন কেইবাখনো বিমান যথেষ্ট পলমকৈ চলাচল কৰে। অৱশ্যে ইণ্ডিগ' কর্তৃপক্ষই তেওঁলোকৰ বিমানসমূহৰ যাত্রা বাতিল অথবা সময়সূচী সলনি সম্পর্কত কোনো আগতীয়া তথ্য প্রকাশ নকৰাৰ বাবে বিমানবন্দৰত আজিও বিশৃংখলতাৰ সৃষ্টি হয়। ডিব্ৰুগড়, ...