November 3, 2024 6:58 PM

views 20

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙৰ ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা  মুকলি

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙে কলম্বিয়াত অনুষ্ঠিত চিঅ'পিৰ ষষ্ঠদশ বৈঠকত ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা- এন বি এছ এ পি মুকলি কৰে। এন বি এছ এ পি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ভাৰতৰ সম্পূৰ্ণ চৰকাৰ আৰু সম্পূর্ণ সমাজৰ দৃষ্টিকোণ সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ অধীনত পৰিবেশৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ আৰু সেইসমূহৰ সৈতে যুঁজ দিয়াৰ ৰণনীতি প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি পৰিবেশতন্ত্ৰ বাহাল ৰখা, প্রজাতিসমূহৰ পুনৰ উদ্ধাৰ কাৰ্যসূচী আৰু সম্প্রদায় পৰিচালিত সংৰক...