January 1, 2025 2:11 PM January 1, 2025 2:11 PM
21
দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা: ডº জীতেন্দ্ৰ সিঙ
দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী ১০ বছৰত পাঁচ গুণ বৃদ্ধি হৈ ৮৪০ কোটি ডলাৰৰ পৰা ৪ হাজাৰ ৪০০ কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পাৰমানৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্রী ডº জীতেন্দ্ৰ সিঙে এই সম্ভাৱনা ব্যক্ত কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে মহাকাশ-জীৱ বিজ্ঞানৰ নেতৃত্ব দিব। তেওঁ কয়, যে অকল ২০২৩ বৰ্ষতে মহাকাশ খণ্ডত বিনিয়োগৰ পৰিমাণ এহেজাৰ কোটি টকা স্পর্শ কৰি এই ক্ষেত্ৰত দেশক বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাপে উন্নীত কৰিছে। বিদেশ...