May 13, 2025 9:26 PM

views 7

দেশৰ খুচুৰা মুদ্রাস্ফীতি বিগত এপ্ৰিলত ৩.১৬ শতাংশলৈ হ্ৰাস

দেশৰ খুচুৰা মুদ্রাস্ফীতি যোৱা এপ্ৰিলত ৩ দশমিক ১-৬ শতাংশলৈ হ্ৰাস পাইছে। মাৰ্চত এই পৰিমাণ ৩ দশমিক ৩–৪ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি খুচুৰা মুদ্রাস্ফীতিৰ এই হাৰ ২০১৯ চনৰ জুলাইৰ পাছত আটাইতকৈ কম। এই সময়ছোৱাত গ্ৰামাঞ্চলৰ মুদ্রাস্ফীতি ২ দশমিক ৯-২ শতাংশ আৰু নগৰাঞ্চলৰ মুদ্রাস্ফীতি ৩ দশমিক ৩-৬ শতাংশ হৈ আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, শাক-পাচলি, দাইল, ফল-মূল, মাছ, মাংস আৰু গোটা দানাজাতীয় শস্যৰ মূল্য হ্ৰাস পোৱাৰ বাবে মুদ্রাস্ফীতি হ্রাস পোৱা বুলি কোৱা হৈছে। স...