August 12, 2025 12:59 PM
21
চীনত অনুষ্ঠিত বিশ্ব গেমছত ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত আজি ভাৰতৰ নম্রতা বাট্টা চীনৰ মেংয়ুৱে চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব
চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছ ২০২৫ত ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত আজি সন্ধিয়া ভাৰতৰ নম্রতা বাট্টাই চীনৰ মেংয়ুৱে চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৫ বজাত আৰম্ভ হ'ব। নম্ৰতাই কালি ফিলিপিনছৰ ক্ৰিজান ফেইথ কোল্লাদক ২-০ ফলাফলত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই জয়ৰ লগে লগে ভাৰতে বিশ্ব গেমছৰ উশ্বুত প্ৰথমবাৰৰ বাবে পদক জয় নিশ্চিত হ'ল। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে ভাৰতৰ ঋষভ যাদৱে পুৰুষৰ আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ কৰি ব্যক্তিগত শিতানত দেশৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়।