June 13, 2024 12:05 PM June 13, 2024 12:05 PM
6
দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক ২০২৩ বৰ্ষৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি
দেশত বিগত এপ্ৰিলত ঔদ্যোগিক উৎপাদন সূচ্যাংক যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত ৫ শতাংশ বৃদ্ধি পাইছে। ২০২৩ৰ এপ্ৰিলত ঔদ্যোগিক উৎপাদনৰ হাৰ ৪ দশমিক ৬ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা এপ্ৰিলত খনন খণ্ডৰ বিকাশ হাৰ ২০২৩ চনৰ এপ্ৰিলৰ তুলনাত ৬ দশমিক ৭ শতাংশ অধিক আছিল। একেদৰে এই সময়ছোৱাত নিৰ্মাণ খণ্ডৰ বিকাশ হাৰ ৩ দশমিক ৯ শতাংশ আৰু বিদ্যুৎ খণ্ডৰ বিকাশ হাৰ ১০ দশমিক ২ শতাংশ বৃদ্ধি পায়। ব্যৱহাৰ আধাৰিত শ্ৰেণীবিভাজনৰ ভিত্তিত ঘাইকৈ প্রাথমিক সামগ্রী, নিৰ্মাণ সামগ্ৰী আৰু পণ্য সামগ্ৰ...