March 22, 2025 8:58 PM

views 15

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত দহ বছৰত ১০৫ শতাংশ বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত দহ বছৰত ১০৫ শতাংশ বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি পাইছে। ২০১৫ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২ লাখ ১০ হাজাৰ কোটি ডলাৰ আছিল আৰু ২০২৫ চনত এই পৰিমাণ ৪ লাখ ৩০ হাজাৰ ডলাৰ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আই এন এফৰ তথ্যত এইকথা প্রকাশ পাইছে। আই এন এফে প্ৰকাশ কৰা মতে, মুঠ ঘৰুৱা উৎপাদন দিশৰ পৰা ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, জার্মানী আৰু জাপানৰ পাছত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত গৈছে। ভাৰতে শীঘ্ৰে জাপানক চেৰ পেলাব বুলি সংস্থাটোৱে উল্লেখ কৰিছে।