May 15, 2024 11:25 AM

views 22

টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাৰ বিশ্ব ৰেংকিঙত ২৪সংখ্যক স্থান লাভ

দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰা মহিলাৰ ছিংগলছৰ বিশ্ব ৰেংকিঙত শীৰ্ষৰ ২৫গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ ৰূপে পৰিগণিত হৈছে। খেলুৱৈগৰাকীয়ে যোৱা সপ্তাহত অনুষ্ঠিত চৌদি স্মেছ প্রতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ বাবে খেলুৱৈ জীৱনৰ সর্বশ্রেষ্ঠ ২৪সংখ্যক ৰেংকিং লাভ কৰিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে লগতে টেবুল টেনিছৰ ছিংগলছত ভাৰতীয় খেলুৱৈয়ে সৰ্বোচ্চ ৰেংক অৰ্জন কৰা জি সাথিয়ানৰ পাঁচ বছৰীয়া অভিলেখো স্পৰ্শ কৰিছে। ২০১৮ চনৰ কমনৱেলথ গেমছৰ ব্যক্তিগত আৰু দলীয...