February 5, 2025 8:29 PM February 5, 2025 8:29 PM

views 9

আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা বিমানখন অমৃতসৰত অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা ১০৪গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিমান আজি বিয়লি অমৃতসৰৰ শ্ৰী গুৰু ৰামদাস জী আন্তর্জাতিক বিমান বন্দৰত অৱতৰণ কৰে ৷ সূত্ৰ অনুসৰি ইয়াৰ ভিতৰত ৩০গৰাকী পাঞ্জাৱৰ লোক থকাৰ বিপৰীতে আন লোকসকল চণ্ডীগড়, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। অমৃতসৰ প্ৰশাসনে ইয়াৰ বাবে বিমান বন্দৰ প্ৰাধিকৰণৰ সৈতে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। প্ৰত্যাৰ্পন কৰা লোকসকলৰ সবিশেষ চিনাক্ত কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে...