May 5, 2025 8:16 PM May 5, 2025 8:16 PM

views 37

পবিতৰা অভয়াৰণ্যত এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে

পবিতৰা অভয়াৰণ্যত আজি এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে। চৰাইটোৰ বৈজ্ঞানিক নাম- পিট্টা ব্ৰাচুৰিয়া আৰু এই চৰাইটোৰ পাখিত ৯টা ৰং আছে। পক্ষী অন্বেষণকাৰী আৰু পক্ষী সম্পৰ্কীয় আলোকচিত্ৰ গ্ৰহণকাৰী যুৱক দেৱজিৎ নাথ ধুনু, পল্লব প্ৰাঞ্জল শৰ্মা আৰু উমেশ ডেকাই অভয়াৰণ্যখনত চৰাইটোৰ প্ৰথমবাৰৰ বাবে আলোকচিত্ৰ সংগ্ৰহ কৰে। এই পৰিভ্ৰমী চৰাইটো অসমত ইয়াৰ পূৰ্বে কোকৰাঝাৰত দেখা গৈছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰঙিন আৰু ডাঠ ঠেংযুক্ত এই চৰাইটোৰ উৰণৰ ...