July 17, 2024 6:15 PM
18
এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে শ্রীলংকাৰ কলম্বোত উপস্থিত ভাৰতীয় মহিলা ক্রিকেট দল
ভাৰতীয় মহিলা ক্রিকেট দল এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্রীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্রতিযোগিতা পৰহিলৈ ডাম্বুলাত আৰম্ভ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতক পাকিস্তান, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ই আৰু নেপালৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে, শ্রীলংকা, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশক গ্রুপ বিত অন্তর্ভুক্ত কৰা হৈছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে এইবাৰো এছিয়া কাপৰ খিতাপ দখলৰ চেষ...