December 26, 2025 8:46 PM December 26, 2025 8:46 PM
7
ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ
তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ হৈছে। ভাৰতে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত হৈছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে শ্রীলংকাই ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৪ ৰাণ সংগ্ৰহ কৰিছে। আয়োজক দেশ ভাৰতে পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথম দুখন খেলত জয়লাভ কৰি শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰি আছে। ভাৰতে প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত আৰু দ্বিতীয়খন খেলত আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰিছিল।