November 4, 2025 11:54 AM November 4, 2025 11:54 AM
27
মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ
◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই বি চি চি আইৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টাক সাকাৰৰূপ দিয়া বুলি বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱ...