July 11, 2025 5:26 PM

views 100

UPI -ৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে যিকোনো দেশৰ তুলনাত ধনৰ লেনদেন প্রক্রিয়া খৰতকীয়া হৈছে

ভাৰতত Unified Payments Interface - চমুকৈ UPI ৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আন যিকোনো দেশৰ তুলনাত ধনৰ লেনদেন প্রক্রিয়া খৰতকীয়া হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এ মত প্ৰকাশ কৰিছে। এই কথা প্ৰকাশ কৰি সংস্থাটোৱে কয়, যে UPI ব্যৱস্থাই ভাৰতত ডিজিটেল লেনদেনৰ ক্ষেত্ৰখনত ব্যাপক সংস্কাৰ সাধন কৰিছে। ২০১৬ চনত এই ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰাৰ পাছৰেপৰা তাৎক্ষণিকভাৱে ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি সাধন হোৱা বুলি প্ৰকাশ কৰি আই এম এফৰ তৰফৰ পৰা কোৱা হৈছে যে এই ব্যৱস্থাই ইউ পি আই ব্যৱহাৰকাৰীস...

October 21, 2024 11:28 AM

views 41

মালদ্বীপত ভাৰতৰ ইউ পি আইৰ সুবিধা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ দেশখনৰ ৰাষ্ট্ৰপতিৰ

মালদ্বীপৰ ৰাষ্ট্ৰপতি ডº মহম্মদ মুইজ্জুৱে দেশখনত ভাৰতৰ উমৈহতীয়া ধনাদায় মঞ্চ ইউ পি আইৰ সুবিধা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ঘোষণা কৰা অনুসৰি কেবিনেটৰ পৰামৰ্শমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে মালদ্বীপৰ অৰ্থনীতিত বিত্তীয় অন্তৰ্ভুক্তি, লেনদেনত উন্নত সুবিধা আৰু বর্ধিত ডিজিটেল আন্তঃগাঁথনিকে ধৰি কেইবাটাও সুবিধা উপলব্ধ হ'ব বুলি আশা কৰা হৈছে। ভাৰতীয় পৰ্যটকসকলে ইয়াৰ জৰিয়তে মুদ্ৰা পৰিৱৰ্তন নকৰাকৈ ইউ পি আই সক্রিয় এপৰ জৰিয়তে ধনাদায় দিয়াৰ সুবিধা লাভ কৰি...