September 25, 2024 12:15 PM

views 18

এটিপি ২৫০ হাংঝৌ অ’পেন টেনিছ প্রতিযোগিতাত জীৱন নেদুনচেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

জীৱন নেদুনচেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ ভাৰতীয় যুটিটোৱে এটিপি ২৫০ হাংঝৌ অ'পেন ২০২৪ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। হাংঝৌ অলিম্পিক স্প'ৰ্টছ এক্সপ' চেণ্টাৰত কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় যুটিটোৱে জাৰ্মানীৰ কনষ্টেণ্টিন ফ্রাণ্টজেন আৰু হেণ্ড্ৰিক জেবেন্সক ৪-৬, ৭-৬ (৭-৫), ১০-৭ ফলাফলত পৰাস্ত কৰে। এয়া হ'ল ভাৰতীয় যুটিটোৰ প্ৰথমটো এটিপি খিতাপ। জীৱনে সাত বছৰৰ অন্তত এটিপি খিতাপ জয় কৰাৰ বিপৰীতে এয়া হ'ল বিজয়ে অর্জন কৰা প্ৰথমটো এটিপি খিতাপ।