September 2, 2024 8:43 AM

views 32

পেৰিছ পেৰালিম্পিকত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ

■ পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। ভাৰতে এই পর্যন্ত এটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ মহিলাৰ বেডমিণ্টনত পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে মনীছা ৰমাদাছক পৰাস্ত কৰি মহিলাৰ একক S-U-5 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি চীনৰ কিউ জিয়া ইয়াঙৰ মুখামুখি হব। আনহাতে ব্ৰঞ্জৰ পদকৰ বাবে হবলগীয়া খেলখনত ডেনমার্কৰ কেথ্রিন ৰ'জেনগ্রেন, মনীছাৰ মুখামুখি হব। পুৰুষৰ একক S-L-3 ছ...

September 2, 2024 8:32 AM

views 28

কাইলৈৰ পৰা T-20 ব্লাষ্ট ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ অনুষ্ঠিত হ’ব

■ টি-টুৱেন্টি ব্লাষ্ট ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল কাইলৈ লণ্ডনৰ কেনিংটন অভেলত অলি প’'প নেতৃত্বাধীন ছাৰী আৰু এলেক্স লিজ নেতৃত্বাধীন ডাৰহামৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০.৩০ বজাত আৰম্ভ হ'ব।

August 1, 2024 8:35 PM

views 21

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা

ভাৰতীয় খেল প্ৰাধীকৰণৰ বিশেষ চিকিৎসা বীমা যোজনাৰ অধীনত সমগ্ৰ দেশৰ ১৩ হাজাৰৰো অধিক খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক-কৰ্মচাৰীলৈ বীমা সুবিধা আগবঢ়োৱা হৈছে। ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, এনে বীমাৰ অধীনত প্ৰতিগৰাকী ব্যক্তিলৈ পাঁচ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা আৰু আকস্মিক মৃত্যু অথবা গুৰুতৰ আঘাতৰ বাবে অতিৰিক্ত ২৫ লাখ টকা প্ৰদান কৰা হয়। ইয়াৰ উপৰি পণ্ডিত দিন দয়াল উপাধ্যায় ৰাষ্ট্ৰীয় খেলুৱৈ কল্যাণ কাৰ্যসূচী আঁচনিৰ অধীনত প্ৰাক্তন...