August 16, 2025 8:12 PM

views 18

অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং

ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ৫৪ মিনিট ধৰি চলা তীব্র প্রতিদ্বন্দিতামূলক ছেমিফাইনেল খেলত ইজিপ্তৰ নৌৰ খাফাগিক ১০-১২, ১১-৫, ১১-৫, ১০-১২, ১১-৭ ফলাফলত পৰাস্ত কৰে। আঘাটসত্বেও আনাহাটে খেলখনত সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেলুৱৈগৰাকী ফাইনেলত ইজিপ্তৰ হাবিবা হানিৰ বিৰুদ্ধে খেলিব। হানিয়ে ছেমিফাইনেলত ভাৰতৰ আকাংক্ষা ছালুংকেক ৩-১ ফলাফলত পৰাস্ত কৰিছে। আনাহাট সিঙে ইয়াৰ পূৰ্বে ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হেইলে ৱা...

August 11, 2025 12:14 PM

views 22

গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতা

● সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ'ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে আঠ গৰাকীকৈ মুঠ ৩২ গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ১৮৫ গৰাকী খেলুৱৈয়ে অংশ লৈছে।

August 4, 2025 8:11 PM

views 28

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতৰ ২-২ৰ সমতা স্থাপন

এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাত ভাৰতে ২-২ৰ সমতা স্থাপন কৰিছে। অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টৰ আজি পঞ্চম দিনা কেৱল ৫৭ মিনিটতে ভাৰতীয় বলাৰ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৪ টা উইকেট অধিকাৰ কৰি দলক অবিশ্বাস্য বিজয়ৰ সোৱাদ দিয়ায়। ইংলেণ্ড ৬ ৰাণত পৰাজিত হয়। মহম্মদ চিৰাজে বিধবংসী বলিঙেৰে ইংলেণ্ডৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট দখল কৰে। মহম্মদ চিৰাজক প্লেয়াৰ অব দ্য মেচ আৰু শুভমন গিলক প্লেয়াৰ অব দ্য চিৰিজ ঘোষণা কৰা হয়।

August 1, 2025 8:29 PM

views 30

মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ

মাকাও অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ'ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চীনৰ হু ঝে আনক ২১-১২, ১৩-২১ আৰু ২১-১৮ গেমত পৰাস্ত কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, নৱম বাছনিৰ ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো আজি প্রতিযোগিতাৰ ডাবলছৰ কোৱা...

July 11, 2025 10:28 AM

views 29

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীত বিয়লি ৩.৩০ বজাত ইংলেণ্ড ভাৰতৰ মুখামুখি হ’ব

● এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে হোৱা টেষ্ট ক্রিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত আয়োজক দেশ ইংলেণ্ডে ৪টা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত কালি সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাত খেল আৰম্ভ হ'ব। টছত জিলি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ভাৰতৰ নীতিশ কুমাৰ ৰেড্ডীয়ে প্ৰথমতে দুটা উইকেট দখল কৰি ঘৰুৱা দলটোক শ'লথেকত পেলায়। নীতিশ কুমাৰে একেটা অভাৰতে অ'পেনাৰ বেন ডাকেট আৰু জেক ক্ৰ'লিক আউট কৰে। ইয়াৰ পাছত জ' ৰুট আৰু অলি প'পে ১০৯ ৰ...

June 19, 2025 12:01 PM

views 27

কাইলৈৰ পৰা ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা আৰম্ভ

■ ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা কাইলৈৰ পৰা আৰম্ভ হব। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ আমন্ত্ৰণ মর্মে অধিনায়ক শুভমন গীল, সহঃ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্রিকেটাৰে কোহলিৰ লণ্ডনস্থিত বাসগৃহত উপস্থিত হয়। আটাইকেইগৰাকী খেলুৱৈৰ সৈতে বিৰাট কোহলিয়ে মত-বিনিময় কৰাৰ উপৰি একেলগে আহাৰ গ্ৰহণ কৰে। কোহলিয়ে আগন্তুক ‘তেণ্ডুলকাৰ- এণ্ডাৰছন' ট্ৰফীৰ বাবে খেলিব লগা টেষ্ট শৃংখলাৰ নৱ...

June 2, 2025 10:09 AM

views 52

পাঞ্জাব কিংছ আই পি এলৰ ফাইনেলত প্ৰৱেশ

আই পি এল ক্রিকেট প্রতিযোগিতাত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ২০৪ ৰানৰ বিজয় লক্ষ্য পাঞ্জাব কিংছে এটা অভাৰ বাকী থকা অৱস্থাত সহজে অতিক্ৰম কৰে। পাঞ্জাব কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে অপৰাজিত ৮৭ ৰান সংগ্রহ কৰে। নিহাল ৱাধেৰাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাই ইণ্ডিয়ানছৰ হৈ আশ্বানী কুমাৰে দুটা উইকেট দখল কৰে। শ্রেয়াছ আয়াৰক প্লেয়াৰ অৱ মেচ ঘোষণা কৰ...

May 29, 2025 6:12 PM

views 17

সন্ধিয়া ৭.৩০ বজাত আই পি এলত প্লে অফত পঞ্জাৱ কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাৱ কিংছ দ্বিতীয় স্থানৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কাইলৈ হ'বলগীয়া এলিমিনেটৰ খেলত পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এলিমিনেটৰ খেলত জয়লাভ কৰা দলটো দেওবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথম কোৱালিফায়াৰত পৰাজিত দলটোৰ সন...

May 27, 2025 12:06 PM

views 42

IPL: সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েন্ট বনাম ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পাঞ্জাবে প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে ছণ্ডিগড়ত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলৰ বাবেও যোগ্যতা অর্জন কৰে। কালিৰ খেলখনত ১৮৫ ৰানৰ জয়ৰ লক্ষ্যৰে খেলি দলটোৱে ১৮ অভাৰ আৰু ৩ টা বলত তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্রম কৰে। দলৰ হৈ জছ ইংলিছে ৭৩ আ...

May 24, 2025 12:28 PM

views 29

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদাৰা আৰু নগৰ হাবেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ দহ নম্বৰ স্থানত আছে। উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বীচ্ছ গেমচত মুঠ ৬বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত পাঁচটা সোণসহ মুঠ ১৩ টা পদকেৰে মণিপুৰ শীৰ্ষ স্থানত আছে।