September 28, 2024 6:03 PM

views 40

পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ

ভাৰতীয় ৰে'ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে'ল বিভাগে বর্ধিত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে'লৰ সংখ্যা বৃদ্ধি হৈছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল। বিশেষ ৰে'লৰ উপৰি ১০৮খন ৰে'লৰ সেৱাত অতিৰিক্ত সাধাৰণ দবা সংযোজন কৰা হৈছে।

September 28, 2024 10:58 AM

views 17

দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে ৬০০০তকৈ অধিক বিশেষ ৰে’ল চলাচল কৰাব ৰেল বিভাগে

ভাৰতীয় ৰে'ল বিভাগে দুর্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ছহেজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচল কৰাব। প্ৰতি বছৰে ভাৰতীয় ৰে'ল বিভাগে লাখ লাখ যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ বিশেষ ৰে'লৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ছোৱাত ৪ হাজাৰ ৪২৯ খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল।

September 14, 2024 2:44 PM

views 13

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...

August 31, 2024 8:35 PM

views 31

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই- বেংগালুৰু আৰু চেন্নাই-নাগেৰক'ইল পথেৰে চলাচল কৰিব। ৰে'ল গাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বর্তমান দেশৰ বিকাশৰ যাত্ৰাত উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে, বন্দে ভাৰত ৰে'লগাড়ীৰ সম্প্ৰসাৰ...

August 31, 2024 5:19 PM

views 23

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগেৰক'ইল পথেৰে চলাচল কৰিব। ৰে’ল গাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান দেশৰ বিকাশৰ যাত্ৰাক ত্বৰান্বিত কৰি উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে, বন্দে ভাৰত ৰে'লগাড়ীৰ সম্প্ৰসাৰণ...

August 1, 2024 1:21 PM

views 40

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত কালি লোকসভাত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সন্ধ্যা ৰায়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'ল খণ্ডত অভূতপূর্ব উন্নয়ন দেখা গৈছে আৰু ইয়াৰ কাম-কাজ তীব্ৰগতিত চলি আছে। ইপিনে আৰ এছ পিৰ এন কে প্রেমাচন্দ্ৰনে কয় যে সাধাৰণ জনতাৰ বাবে ৰে'লেই হৈছে পৰিবহণৰ প্ৰধান মাধ্যম আৰু সেয়েহে ইয়াত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ লগতে সুকীয়া ৰে'ল বাজেটৰ দাবী উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ অনুৰাগ শৰ্মাই ...

July 20, 2024 6:53 PM

views 32

দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত উপস্থিত

উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দুর্ঘটনাগ্রস্ত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ তিনিচুকীয়া জিলাৰ যাত্ৰীসকল আজি জিলাখনত আহি উপস্থিত হয়। তিনিচুকীয়া জিলা প্রশাসনে যাত্ৰীসকলক সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে যোৱা ১৮ জুলাইত ৰেল গাড়ীখনৰ ২১টা দবা বাগৰি পৰাত ৪জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ লগতে আন ৩০ জন আহত হৈছিল। ৰে'লখনত থকা তিনিচুকীয়া জিলাৰ ২৯ গৰাকী যাত্ৰীৰ ৪ গৰাকীৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আজি যাত্ৰীসকল তিনিচুকীয়া ৰে'ল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাছত জিলা আয়ুক্ত স্বপ্নীল...

July 18, 2024 7:41 PM

views 52

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰে'লৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰে'ল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ ১...

July 18, 2024 6:10 PM

views 28

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰে'ল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। ইপিনে, ৰেল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ বিষয়াক উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে।

June 18, 2024 8:09 PM

views 31

নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা সেৱা বাহাল কৰা হৈছিল। এই ৰেল দুৰ্ঘটনাত ৯ জন লোকে প্রাণ হেৰুৱাইছিল।