December 19, 2024 7:26 PM

views 29

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰে'লমন্ত্ৰীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰে’লগাড়ীসমূহ ঘূৰিপকি যোৱা পথৰ পৰিৱৰ্তে হ্ৰস্বতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডি...

December 17, 2024 11:18 AM

views 15

২১ ডিচেম্বৰত ভাৰত মণ্ডপমত ভাৰতীয় ৰে’লৱেৰ বিশেষ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে অহা ২১ ডিচেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ৰে'লৱেলৈ আগবঢ়োৱা ব্যতিক্রমী সেৱাৰ বাবে ১০১ গৰাকী বিষয়া আৰু কৰ্মচাৰীক অতি বিশিষ্ট ৰে'ল সেৱা পদক প্ৰদান কৰিব। ইয়াৰ ভিতৰত ১৫ গৰাকী কৰ্মচাৰীক উদ্ভাৱণ, ৰে'লৱেৰ ৰাজহ বৃদ্ধি, উৎপাদনশীলতাৰ বিকাশ, আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস আৰু থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে চলোৱা বিশেষ প্ৰচেষ্টাৰ বাবে পুৰষ্কিত কৰা হ'ব। আন বিষয়া তথা কৰ্মচাৰীসকলক ৰে'লৱেৰ সম্পত্তি আৰু জীৱন সুৰক্ষিত কৰি ৰখাৰ ক্...

November 7, 2024 8:29 PM

views 61

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।

November 7, 2024 1:32 PM

views 12

৪,৫২১খন বিশেষ ৰে’লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰেলৱেই যোৱা ছয়ত্রিশ দিনত চাৰি হাজাৰ ৫২১খন বিশেষ ৰে'লগাড়ীৰ জৰিয়তে ৬৫ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধা কৰিছে। ছট্‌ পূজাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে কাইলৈৰ পৰা ১১ তাৰিখলৈ প্ৰতিদিনে ১৬০খন বিশেষ ৰে'লগাড়ীৰ সময়সূচী নির্ধাৰণ কৰিছে । বিশেষ ৰে'লগাড়ীসমূহে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। যাত্ৰীসকলৰ স্থানীয় চাহিদা পূৰণৰ বাবে প্ৰয়োজন সাপেক্ষে সমস্তীপুৰ, দানাপুৰ আদি সংমণ্ডলৰ বাবেও অতিৰিক্ত ৰে'লগাড়ীৰ ঘোষণা কৰা হৈছে ।

November 4, 2024 6:35 PM

views 36

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 2, 2024 12:19 PM

views 19

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰে'লৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰে'লৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে ৰে'ল আস্থানত সময়মতে উপস্থিত হোৱাত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ৰে'লৱে সুৰক্ষা বাহিনী আৰু ৰে'লৱেৰ বিষয়াসকলে উপযুক্তভাৱে ভিৰ পৰিচালনা কৰা বাবে মন্ত্ৰী শ্ৰীবৈষ্ণৱে সন্তোষ প্ৰকাশ কৰে । সাংবা...

November 1, 2024 5:31 PM

views 23

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন নহয়। ৰে'ল মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আসন সংৰক্ষণৰ সময়সীমা ৬০ দিনলৈ হ্ৰাস কৰাৰ ফলস্বৰূপে টিকটৰ চোৰাং মজুতকৰণৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে প্রকৃত যাত্রীসকলে সুবিধা লাভ কৰাটো নিশ্চিত হ'ব। মন্ত্ৰ্যালয়ে ল...

October 26, 2024 6:53 PM

views 27

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫...

October 12, 2024 4:10 PM

views 26

কাউৰাপেট্টাইত সংঘটিত ৰে’ল দূৰ্ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

দক্ষিণ ৰে'লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত যোৱানিশা সংঘটিত ৰে'ল দূৰ্ঘটনাটোৰ সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাটোত সামগ্ৰী কঢ়িওৱা ৰে'লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰে'ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনো লোক আহত হৈছে। আহত লোকসকলক ওচৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উচ্চ পৰ্যায়ৰ কমিটীৰ তদন্তৰ ফলাফলৰ পাছতেই দুৰ্ঘটনাটোৰ প্ৰক...

October 6, 2024 8:03 PM

views 14

উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱেৰ ৪০০খন বিশেষ ৰেল মুকলি

ভাৰতীয় ৰেলৱেই উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৪০০খন বিশেষ ৰেল মুকলি কৰিছে। নৱৰাত্ৰিৰ পৰা ষট্ পূজালৈ এই উৎসৱৰ সময়ছোৱাত বিশেষ ৰেলসমূহে ৫,৯৭৫টা যাত্ৰা সম্পূৰ্ণ কৰিব। যোৱা বছৰো ৰেল বিভাগে উৎসৱৰ বতৰত ৪,৪২৯টা ৰেল যাত্ৰা কৰাইছিল। যাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি হ'লে ৰেলৰ যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি ৰেল মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, কেন্দ্রীয় ৰেলৱেই উৎসৱৰ সময়ছোৱাত ২৭৮খন ৰেল চলাচল কৰোৱাব। আনহাতে, উত্তৰ ৰে'লৱেই উৎসৱৰ বতৰত ১৩৮খন ৰেল চলাচল কৰাব। তদুপৰি যাত্ৰীসকলৰ সুবিধ...