February 20, 2025 8:58 PM
23
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰিয়নি-শিমলুগুৰি-ডিব্ৰুগড় খণ্ডৰ বাবে বৈদ্যুতিক লোকোমটিভৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তাই কালি আৰু আজি এই সমগ্ৰ খণ্ডট...