August 25, 2025 10:22 AM

views 34

দেশৰ ৰে’ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত

● দেশৰ ৰে'ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত হৈছে। আইজলৰ নিকটৱৰ্তী ছাইৰাঙৰ পৰা দেশৰ বাকী অংশলৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলৈ প্ৰায় এপষেকহে বাকী।

August 24, 2025 12:52 PM

views 26

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ টা সুৰংগ আৰু ৫৫ খন দলং আছে। এই ৰে'ল পথছোৱাত ১০৪ মিটাৰ উচ্চতাত দেশৰ সবাটোকৈ ওখ ৰে'ল সেতুও আছে। ২০০৮-০৯ চনত আৰমম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰে'ল সুৰক্ষা আয়ুক্তই ইতিমধ্যে পথছোৱাৰে পৰী...

August 9, 2025 11:58 AM

views 35

এছিয়া মহাদেশৰ আটাইতৈক দীঘল ৰে’ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণ সফলতাৰে সম্পন্ন

৪ দশমিক ৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ মালবাহী ৰে'ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণৰ যোগেৰে ভাৰতীয় ৰে'লৱেই সফলতাৰ অন্য মাত্ৰা লাভ কৰিছে। এই ৰে'লখনে ঘণ্টাত  ৪০ দশমিক  ৫.০ কিল'মিটাৰ গতিবেগেৰে৫ ঘণ্টা ১০ মিনিটত উত্তৰ প্ৰদেশৰ চান্দউলিৰ গাঞ্জখাউজা ৰে'ল ষ্টেচনৰ পৰা ঝাৰখণ্ডৰ গাৰৱালৈকে ২০৯ কিল'মিটাৰ পথ সামৰি লৈছে। মণ্ডল ৰে'ল প্ৰৱন্ধক উদয় সিং মীনাই কৈছে যে এই মালবাহী ৰে'লখনে ইষ্ট চেণ্টেল ৰে’লৱেৰ পণ্ডিত দীনদয়াল মণ্ডলৰ পৰা ধানবাদ সংমণ্ডললৈ সামগ্ৰীৰ ক্ষীপ্ৰ বোজাই আৰু পৰিবহন কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলখনৰ পূৰ্ব পৰী...

August 3, 2025 8:25 PM

views 49

ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষ ড০ ৰমন সিঙে আজি ৰায়পুৰ ৰে’ল ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, মনসুখ মন্দাভিয়া আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন য়াদৱে ভার্চুৱেলী এই অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্রী ছাইয়ে কয়, যে যোৱা দশকত চত্তিশগড়ৰ ৰেল বিভাগৰ বাজেট ২১ বাৰ বৃদ্ধি কৰা হৈছে আৰু এই বছৰ বিভাগটোৰ বাবে ৬৯০০ কোটি টকা আৱণ্টন দিয়া হৈছে। তেওঁ কয়, যে চত্তিশগড়ত ৪৭ হাজাৰ কো...

August 3, 2025 2:37 PM

views 23

ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে'লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে'লৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত এঘাৰ বছৰত দেশত ৩৪ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয়, যে ৰে'ল সেৱাক সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি ...

August 1, 2025 8:18 PM

views 16

চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছেঃ অনুপ্রিয়া পেটেল

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছে। ৰে’ল ষ্টেচনসমূহত জনসাধাৰণ তথা যাত্ৰীসকলৰ বাবে মানসম্পন্ন আৰু ব্যয়সাধ্য ঔষধৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে। লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে প্রধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনাৰ অধীনত সমগ্ৰ দেশতে মুঠ ১৬ হাজাৰ ৯১২টা এনে কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰে ৮ হাজাৰ ৬৬০টা কোন্...

July 18, 2025 1:21 PM

views 38

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...

July 3, 2025 7:14 PM

views 31

যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেৰ যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কালিৰেপৰা কেতবোৰ সালসলনি ঘটাইছে। সেই অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ ক্ষেত্ৰত আৰক্ষণ তালিকা আগদিনা নিশা ৯ বজাত প্ৰকাশ কৰা হ'ব। দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজা পর্যন্ত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ আৰক্ষণ তালিকা যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে প্ৰকাশ কৰা হ'ব। এই নিয়মাৱলী অৱশ্যে আৰক্ষণৰ দ্বিতীয় তালিকা প্ৰকাশৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি ৰে'ল ব'ৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে ৷

June 29, 2025 8:26 PM

views 38

বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং ৰে'লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে'ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন এই ৰে'লপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে যাত্ৰা ছদিন ব্যাহত হৈ আছিল। কালি পুৱা কলকাতাৰ পৰা ৰাওনা হোৱা শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপেছে আজি এই পাহাৰীয়া ৰে'লপথছোৱা অতিক্ৰম কৰে। যোৱা ২৩ জুনৰ পৰা ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ ল...

June 12, 2025 9:08 PM

views 17

বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ সুবিধার্থে ভাৰতীয় ৰে’লৱেৰ আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে’লৰ ব্যৱস্থা

গুজৰাটত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে আহমেদাবাদৰ পৰা দুখন বিশেষ ৰে'লগাড়ীৰ চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰে এখন ৰে'লগাড়ী দিনৰ চাৰে ১১ বজাত আহমেদাবাদৰ পৰা নতুন দিল্লীলৈ আৰু আনখন দিনৰ ১২ বজাত আহমেদাবাদৰ পৰা মুম্বাইলৈ ৰাওনা হ'ব।