October 26, 2025 12:53 PM

views 29

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২,০১১ খন বিশেষ ৰে’লৰ চলাচল

ভাৰতীয় ৰেলৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ১২ হাজাৰ ১১ খন বিশেষ ৰে'ল চলাচল কৰোৱাই আছে। যোৱা বছৰৰ এই সময়ছোৱাত সাত হাজাৰ ৭২৪ খন উৎসৱ বিশেষ ৰে'ল চলাচল কৰোৱা হৈছিল। উত্তৰ-পূব সীমান্ত ৰে'লবে যোৱা ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰলৈ ৰেল পথসমূহত ৬২০ টা যাত্ৰাৰ বাবে ৪৮ খন উৎসৱবিশেষ ৰে'ল চলাচল কৰাই আছে। যাত্রীসকলৰ সুবিধার্থে কাতিহাৰ, নিউ জলপাইগুড়ি, গুৱাহাটীকে ধৰি মুখ্য ষ্টেচনসমূহৰ পৰিষৰ, যাত্ৰীৰ সুবিধার্থে বিভিন্ন ব্যবস্থা, অতিৰিক্ত টিকট কাউণ্টাৰ, স্বয়ংক্রিয় টিকট ভেন্ডিং মেচিনকে ধৰি বিভিন্ন ব্যৱ...

October 20, 2025 7:41 PM

views 35

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেলৱে ব'ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ উৎসৱৰ বতৰত যাত্ৰীসকলৰ যাতায়তৰ সুবিধা-অসুবিধাৰ বুজ লয়। শ্রীবৈষ্ণৱে ২৪ ঘণ্টাই সেৱা আগবঢ়াবলৈ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উপৰি দীপাৱলী উপলক্ষে তেওঁলোকলৈ শুভেচ্ছাও জনায়। উল্লেখযোগ্য যে, উৎসৱৰ বতৰত বৰ্দ্ধিত যাত্ৰীৰ সুচল যাতায়তৰ বাবে ভাৰতীয় ৰে'লৱেই এইবাৰো বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। পূজা, দীপাৱলী আৰু ছঠ পূজাৰ সময়ছোৱাত মসৃণ যাত্রা নিশ্চিত কৰিবলৈ ৰে'লৱেই ১২ হাজাৰৰো অধিক বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে।

October 20, 2025 11:29 AM

views 54

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'লৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা যট পূজাৰ সময়ছোৱাত ৰে'লযাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত কালি উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্দৰ্ভত তেওঁলোকৰ মতামতো গ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয়, যে দীপাৱলী আৰু ষট পূজাৰ সময়ত দিল্লী ষ্টেচনত যাত্ৰীৰ যথেষ্ট ভিৰ হয় আৰ এই সময়ছোৱাত ৰে'লৱে কৰ্তৃপক্ষই প্ৰতিবাৰে যাত্ৰীৰ সু...

October 19, 2025 8:40 PM

views 40

ৰে’লযাত্রী সংস্থাৰ উদ্যোগত গুৱাহাটীত অসমৰ ৰে’লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা

ৰে'লসেৱাক অধিক জনমুখী কৰি তোলাৰ লক্ষ্যৰে অসম ৰে'লযাত্রী সংস্থাৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত মুকলি আলোচনাত অসমৰ ৰে'লযাত্ৰীসকলে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সাহিত্য সভা ভৱন চৌহদৰ ৰাধা গোৱিন্দ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত এই আলোচনাত ভালেসংখ্যক বক্তাই অসমত শীঘ্রেই বিদ্যুৎচালিত স্থানীয় ৰে'ল প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে। এই সভাত শিক্ষাবিদ, ব্যৱস্থাপনা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি শান্তিকাম হাজৰিকা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, অসম নাট্য সম্মিলনৰ ন...

October 19, 2025 1:18 PM

views 25

ৰে’লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভিডিঅ’ প্ৰচাৰ কৰা ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ভাৰতীয় ৰে’লৱেৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত

ভাৰতীয় ৰে'লৱেই ৰে'লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভি ডি অ' শ্বেয়াৰ কৰা ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কয়, যে এইবেলি উৎসৱৰ বতৰত ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ' প্ৰচাৰ কৰা আৰু এনে ভিডিঅ'ৰ ফলত যাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, যাত্ৰীৰ মাজত অনাৱশ্যকীয় ভয়ৰ সৃষ্টি কৰা পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ' প্ৰচাৰ কৰাৰ বাবে জগৰীয়া ২০ট...

October 17, 2025 12:08 PM

views 64

যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে’লযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকু...

October 13, 2025 8:54 PM

views 43

বৰপেটা ৰোড ৰে’ল ষ্টেচনত বন বিভাগৰ দলৰ অভিযানত উজনিমুৱা বাংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ

বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰে'ল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। আঠখন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্রায় ২০০ কিলোগ্রাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাইৰ তিনিজন লোকক আটক কৰা হৈছে। জব্দ কৰা বনৰৌৰ ছাল আৰু অংগসমূহৰ মূল্য কেইবা কোটি টকা হ'ব বুলি বন বিভাগে প্রকাশ কৰিছে। সম্প্ৰতি লোক কেইজনক সোধাপোছা কৰি থকা হৈছে।

October 13, 2025 8:21 PM

views 68

গুজৰাটত আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ কেইবাটাও পদক্ষেপ ঘোষণা

ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। যো...

September 29, 2025 10:49 AM

views 49

ৰেলৱে সুৰক্ষা বাহিনীৰ যোৱা ১৮-২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ১৮ৰ পৰা ২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে ১৮-১৯ ছেপ্তেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা তিনিটি নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ কোচবিহাৰ, কামাখ্যা, নিউ জলপাইগুৰি আৰু চাপৰমুখৰ পৰা ২০-২১ ছেপ্তেম্বৰত ১১টি নাবালকক উদ্ধাৰ কৰা হয়। একেদৰে ২২-২৩ ছেপ্তেম্বৰত লামডিং আৰু কিষাণগঞ্জৰ পৰা এটি কন্যা শিশুকে ধৰি ৫টি নাবালকক উদ্ধাৰ কৰা হয়। উ...

September 14, 2025 11:13 AM

views 48

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ৭৭ হাজাৰ কোটি টকাৰ ৰে'ল প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মিজোৰামত ভৈৰবী-ছাইৰাং ৰে'ল প্ৰকল্প উদ্বোধন কৰাৰ পাছত ৰে'ল মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে মিজোৰামলৈ ৰে’ল সংযোগে নিয়োগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ বিস্তৰ উন্নয়ন সাধন কৰাৰ সম্ভাৱনা আছে। তদুপৰি দেশৰ অন্যান্য অংশলৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত এই ৰে’লসেৱাই নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ মন্তব্...