December 27, 2025 7:37 PM

views 20

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি প্ৰায় ১৯খন ৰে'লগাড়ীৰ চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰে'ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰে'লগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।

December 26, 2025 8:59 PM

views 18

ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধিৰ পৰিকল্পনা

ভাৰতীয় ৰে'লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে'লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দাবাদ, বাংগালোৰ, পাটনা, ভূপাল আৰু পুৰী। মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি অনাগত বৰ্ষসমূহত ইয়াৰ ফলত যাত্ৰীৰ আহ-যাহৰ সুবিধা বৃদ্ধি পাব। ৰে'লৱে বোৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে সকলো মণ্ডলৰ মহা-প্ৰৱন্ধকসকলৈ ৰে'লৰ আহ-যাহৰ সংখ্যা বৃদ্ধি কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

October 13, 2025 2:40 PM

views 41

আৰ পি এফত প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব: ৰে’লমন্ত্ৰী

● ৰে'লৱে সুৰক্ষা বাহিনী আৰ পি এফত এতিয়াৰেপৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰে'লৱে সুৰক্ষা বাহিনীক আধুনিক প্রযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে। গুজৰাটত আজি আৰ পি এফৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই আৰ পি এফৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ ভি এইচ এফ ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্রযুক্তি আৰু ড্রোণ চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব। ন...

August 24, 2025 12:52 PM

views 32

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ টা সুৰংগ আৰু ৫৫ খন দলং আছে। এই ৰে'ল পথছোৱাত ১০৪ মিটাৰ উচ্চতাত দেশৰ সবাটোকৈ ওখ ৰে'ল সেতুও আছে। ২০০৮-০৯ চনত আৰমম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰে'ল সুৰক্ষা আয়ুক্তই ইতিমধ্যে পথছোৱাৰে পৰী...

August 3, 2025 2:37 PM

views 24

ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে'লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে'লৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত এঘাৰ বছৰত দেশত ৩৪ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয়, যে ৰে'ল সেৱাক সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি ...

June 11, 2025 8:03 PM

views 28

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব বুলি ৰে'ল মন্ত্ৰালয়ে প্রকাশ কৰিছে। তৎকাল টিকট বুকিঙৰ প্ৰক্ৰিয়াটো অধিক নিকা আৰু স্বচ্ছ কৰি তোলাৰ লগতে যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভাৰতীয় ৰে'ল বিভাগে তৎকাল টিকট বুকিং প্ৰণালীৰ কেতবোৰ গুৰুত্বপূৰ্ণ সাল-সলনিৰ কথা ঘোষণা কৰিছে। এই অনুসৰি ১৫ জুলাইৰ পৰা অনলাইনযোগে তৎকাল টিকট বুকিঙৰ বাবে আধাৰ আধাৰিত অ টি পি প্রমাণিকৰণ বাধ্যতামূলক হ'ব।

June 11, 2025 7:45 PM

views 31

৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ তথা ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ১৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোমা-বৰকাকানা ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্পই ৯৩৮ খন গাওঁৰ ১৫ লাখৰো অধিক লোক উপকৃত কৰিব। তেওঁ ...

May 22, 2025 11:28 AM

views 41

দেশৰ মুঠ ১০৩টা ৰে’ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত

● নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে'ল ষ্টেচনৰ লগতে দেশৰ মুঠ ১০৩টা ৰে'ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাওঁ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰিব। অনুষ্ঠানত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰ...

May 21, 2025 8:05 PM

views 27

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

April 23, 2025 8:46 PM

views 26

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাশ্মীৰত আৱদ্ধ হৈ থকা পৰ্যটক যাত্ৰীসকলক কঢ়িয়াই অনাৰ বাবে শ্রীমাতা বৈষ্ণোদেৱী কাটাৰ ষ্টেছনৰ পৰা নিশা ৯ বাজি ২০ মিনিটত এই ৰেলখনে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব। ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে কেবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। ইয়াৰে জম্মু টাৱি ষ্টেছনৰ যাত্ৰীসকলৰ বাবে ০১৯১-২৭৪৭০১১৬ শ্রীমাতা বৈষ্ণোদেৱী কাটৰা ষ্টেছনৰ যা...