January 21, 2026 12:10 PM

views 12

স্থানীয় শিল্প নৈপুণ্যতাক উদগনি যোগোৱাত ভাৰতীয় ৰে’ল বিভাগৰ অ এছ অ পি আঁচনি গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে পৰিগণিত

সমগ্ৰ দেশৰ স্থানীয় শিল্প নৈপুণ্যতাক উদগনি যোগোৱা আৰু দীর্ঘস্থায়ী জীৱিকাৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতীয় ৰে'ল বিভাগৰ এটা ষ্টেচন-এবিধ সামগ্রী চমুকৈ অ এছ অ পি আঁচনি গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৰে'ল মন্ত্র্যালয়ে জনোৱা মতে, দুহেজাৰতকৈ অধিক ৰে'ল ষ্টেচনত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে লাভ কৰা প্ৰত্যক্ষ বজাৰে ১ লাখ ৩২ হাজাৰতকৈ অধিক শিল্পী, শিপিনী আৰু ক্ষুদ্র ব্যবসায়ীক লাভান্বিত কৰিছে। মন্ত্র্যালয়ে লগতে কয়, যে বাণিজ্যক সংস্কৃতিৰ সৈতে একত্ৰিত কৰি ৰে'ল বিভাগে ষ্টেচনসমূহক স্থানীয় উদ্যোগ কেন্দ্ৰলৈ ...

January 18, 2026 9:08 PM

views 15

ভাৰতীয় ৰে’ল বিভাগে পৰৱৰ্তী দুবছৰত ৭৯০০ কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে

ভাৰতীয় ৰে'ল বিভাগে পৰৱৰ্তী দুবছৰত ৭৯০০ কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰে'ল মন্ত্র্যালয়ে আজি এই কথা সদৰী কৰি কয়, যে ২০২৫-২৬ বিত্তীয় বর্ষত ৭৫০০ কিলোমিটাৰতকৈও অধিক ৰে'লপথ নৱীকৰণৰ কাম অব্যাহত আছে। বিগত বৰ্ষত ৬৮০০ কিলোমিটাৰতকৈও অধিক ৰেলপথ নৱীকৰণৰ কাম সম্পন্ন হোৱা বুলিও মন্ত্র্যালয়ে লগতে জানিবলৈ দিয়ে। ২০১৪ চনত দ্রুত গতিৰ ৰেলপথ ৩১ হাজাৰ কিলোমিটাৰ আছিল বুলি প্রকাশ কৰি মন্ত্ৰ্যালয়ে কয়, যে বর্তমান এই সংখ্যা দুগুণ হৈ ৮৪ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিছে আৰু ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্কৰ ৮০ ...

January 17, 2026 12:58 PM

views 31

দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদহ ৰে'ল ষ্টেচনৰ পৰা কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবটীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। মালদহ ৰে'ল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী নীত...

December 30, 2025 10:44 AM

views 20

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে’ল প্ৰকল্পত ৰে’ল মন্ত্র্যালয়ে অনুমোদন

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে'ল প্ৰকল্পত ৰে'ল মন্ত্র্যালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ৮ টা নতুন ৰে'লপথ প্ৰকল্প আৰু ৪ টা ৰে'লপথৰ দ্বৈতকৰণ প্রকল্প আছে। এই প্ৰকল্পৰ অধীনত সাতশ ৭৭ কিলোমিটাৰ ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰে ২৭৮ কিলোমিটাৰ ৰে'লপথ ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে ৪১৬৭৬ কোটি টকা আবণ্টন দিয়া হৈছে। ইপিনে, ৰে'ল মন্ত্ৰ্যালয়ে অহা ১ জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ স...

December 27, 2025 7:37 PM

views 20

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি প্ৰায় ১৯খন ৰে'লগাড়ীৰ চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰে'ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰে'লগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।

December 26, 2025 8:59 PM

views 18

ভাৰতীয় ৰে’লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে’লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধিৰ পৰিকল্পনা

ভাৰতীয় ৰে'লৱেই বর্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ৪৮খন গুৰুত্বপূৰ্ণ মহানগৰৰ পৰা ৰে'লৰ চলাচলৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰসমূহ হৈছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, হায়দাবাদ, বাংগালোৰ, পাটনা, ভূপাল আৰু পুৰী। মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি অনাগত বৰ্ষসমূহত ইয়াৰ ফলত যাত্ৰীৰ আহ-যাহৰ সুবিধা বৃদ্ধি পাব। ৰে'লৱে বোৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে সকলো মণ্ডলৰ মহা-প্ৰৱন্ধকসকলৈ ৰে'লৰ আহ-যাহৰ সংখ্যা বৃদ্ধি কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

December 18, 2025 7:58 PM

views 16

আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰে’লৱেৰ বিশেষ পদক্ষেপ গ্রহণ

ভাৰতীয় ৰে'লৱে দেশৰ আঞ্চলিক খাদ্যসম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। বিভাগটোবে জনোৱা মতে বন্দে ভাৰত ৰেলৰ যাত্ৰীসকলকে এতিয়াৰে পৰা মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট আৰু ওড়িশাৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব। ৰে'ল মন্ধ্যালয়ে কৈছে যে, ভাৰতীয় ৰে'ল বিভাগৰ খাদ্য যোগান আৰু পৰ্যটন নিগমৰ সহযোগত যাত্রীসকলে আৰামদায়ক যাত্ৰাৰ লগতে দেশৰ বিভিন্ন ঠাইৰ খাদ্য সম্ভাৰ পৰিৱেশনেৰে ৰে'ল যাত্রী অধিক স্মৰণীয় কৰি তোলাৰ প্ৰয়াস কৰিছে। ৰে'ল সমূহত কেৰালাৰ লগতে পশ্চিমবংগ আৰু অন্ধ্রপ্রদেশৰো পৰম্পৰাগ...

December 11, 2025 11:34 AM

views 19

ভাৰতীয় ৰে’লৱেই ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ভাৰতীয় ৰে'লৱেই ২০২৩ ২৪ বিত্তীয় বর্ষত যাত্রীসকলৰ যাত্রা সুলভ কৰি ৰাখিবলৈ ৬০ হাজাৰ কোটিৰো অধিক ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই তথ্য প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্ৰাৰ মুঠ খৰচৰ ৪৫ শতাংশ যাত্ৰীসকলে ৰাজ সাহায্য হিচাপে লাভ কৰে। বিশ্বৰ ৰে'ল মানচিত্ৰত ভাৰতীয় ৰে'লত কৰা যাত্ৰাৰ খৰচ চকুত লগা ধৰণে কম বুলি তেওঁ উল্লেখ কৰে। চুবুৰীয়া দেশসমূহৰ তুলনাত ভাৰতে যাত্রীসকলক আটাইতকৈ সুলভ যাত্ৰাৰ সুবিধা প্ৰদান কৰি আহিছে বুলিও শ্র...

December 7, 2025 11:45 AM

views 33

ৰে’ল বিভাগৰ একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে’লৰ দিহা

ৰে'ল বিভাগে কালিৰে পৰা একাধিক সংমণ্ডলত তিনিদিনীয়াকৈ ৮৯ খন বিশেষ ৰে'লৰ দিহা কৰিছে। বিমান সেৱা বাতিল আৰু শীতকালীন কিছু সমস্যাক কেন্দ্ৰ কৰি এই বিশেষ ৰে'লসমূহৰ ব্যৱস্থা কৰা হৈছে। ৰে'ল যাত্ৰাৰ চাহিদ বৃদ্ধি কৰাৰ লগতে ৰে'লৰ সুচল যাত্ৰাক সমৰ্থন কৰা আৰু পৰ্যাপ্ত সংযোগ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মধ্য ৰে'লৱেত পুনেৰ পৰা বেংগালুৰুলৈ, পুনেৰ পৰা দিল্লীলৈ আৰু মুম্বাইৰ পৰা দিল্লীলৈকে ১৪ খন বিশেষ ৰে'লৰ দিহা কৰিছে। পশ্চিম ৰে'লৱেত ভিৱানীৰ পৰা মুম্বাইলৈ আৰু মুম্বাইৰ পৰা চকুৰবস্তিকে আদি কৰি ব...

December 6, 2025 4:01 PM

views 28

বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ৰে’লৰ উপলভ্যতাত গুৰুত্ব

দেশজুৰি বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই সুচল যাত্ৰা আৰু ৰে’ল গাড়ীৰ উপলভ্যতাত গুৰুত্ব দিছে। দেশত মুঠ ৩৭ খন ৰে’লগাড়ীত ১১৬ টা অতিৰিক্ত ডবা সংযোগ কৰা হৈছে। দক্ষিণ ৰে’লৱেই আটাইতকৈ বেছি সংখ্যক ডবা সংযোগ কৰিছে।