June 25, 2025 8:58 PM

views 17

অহা ১ জুলাইৰ পৰা ভাৰতীয় ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা বৃদ্ধি

ভাৰতীয় ৰে'ল বিভাগে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ক’ভিড মহামাৰীৰ পাছত ভাৰতীয় ৰে’লে এয়ে প্ৰথমবাৰৰ বাবে যাত্ৰী ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাৰা প্ৰতি কিলোমিটাৰত ১ পইচাকৈ আৰু শীতোতাপ নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ৫০০ কিলোমিটাৰ তলৰ দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপ-মহানগৰীয় ৰে'ল ভাৰাৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ'ব।