December 14, 2025 11:05 AM

views 17

ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অভিহিত কৰিছে

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ডাকোৱালসকলক বিশ্বাসৰ সেতু বুলি অভিহিত কৰিছে। তেওঁ কয়, যে ডাকোৱালসকলে কেৱল চিঠিয়েই কঢ়িয়াই নানে, বেংক, বীমা আৰু চৰকাৰী সেৱাও ভাৰতৰ প্ৰতিঘৰ মানুহলৈ কঢ়িয়াই আনে। গ্ৰাম্য ভাৰতক সংযোজিত কৰাৰ ক্ষেত্ৰত আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বিষয়েও শ্রীসিন্ধিয়াই আলোকপাত কৰে। কোহলাপুৰত কালি অনুষ্ঠিত গ্রামীণ ডাক সেৱক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীসিন্ধিয়াই ডাকোৱালকলক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে, কালিৰ এই সন্মিল...

January 20, 2025 12:55 PM

views 23

ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় ডাক বিভাগৰ বিশেষ অনুষ্ঠান

ভাৰতীয় ডাক বিভাগে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়ত তিনিদিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে প্রদর্শনী, কুইজ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।