December 24, 2024 3:56 PM

views 19

চলিত বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি ১ লাখ ৭০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি ১ লাখ ৭০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয়, যে চলিত বিত্তীয় বৰ্ষত প্ৰথম আঠমাহত স্মাৰ্টফোনৰ ৰপ্তানি মূল্যই ১ লাখ কোটি অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত উৎপাদন সংযোজিত উদগনি আঁচনিৰ কথা উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয়, যে এই আঁচনিৰ ফলতে বিগত বছৰৰ তুলনাত এইবছৰত দেশৰ স্মাৰ্টফোনৰ ৰপ্তানি ৪৫ শতাংশলৈ বৃদ্ধি হৈছে। এই আঁচনিখনে তিনি লাখ প্ৰত্যক্ষ আৰু ৬ লাখ ...