August 13, 2025 9:59 PM
15
কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ বাবে ভাৰতৰ নিবিদাত ভাৰতীয় অলিম্পিক সন্থাৰ অনুমোদন
দিল্লীত আয়োজিত বিশেষ সাধাৰণ বৈঠকত ভাৰতীয় অলিম্পিক সন্থাই আজি কমনৱেলথ গেমছ ২০৩০ৰ আয়োজনৰ বাবে ভাৰতৰ নিবিদাত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। ভাৰতে এতিয়া ৩১ আগষ্টৰ সময়সীমাৰ পূৰ্বে অন্তিম নিবিদাৰ বাবে ইয়াৰ প্ৰস্তাৱ দাখিল কৰিব। ২০৩০ চনত কমনৱেলথ গেমছৰ ২০ বছৰ সম্পূৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতত ২০১০ চনত প্ৰথম বাৰৰ বাবে কমনৱেল্থ গেমছ অনুষ্ঠিত কৰা হৈছিল৷