July 18, 2024 1:27 PM

views 11

ওমানৰ উপকূলৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ গৈ সন্ধানহীন হোৱা ৮গৰাকী ভাৰতীয়সহ ৯গৰাকীক উদ্ধাৰ

ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে ওমানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয়সহ চালক দলৰ ৯গৰাকী সদস্যক উদ্ধাৰ কৰিছে। কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিচ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ নাগৰিক আছিল। বাকী সদস্যসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। ৰাছ মড্ৰকাহৰ পৰা প্ৰায় ২৫ সামুদ্রিক মাইল নিলগত তেল পৰিবাহী টেংকাৰখন বুৰ যোৱাৰ পাছত উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে ভাৰতীয় নৌসেনাৰ যুদ্...