December 4, 2025 6:24 PM

views 18

সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হয়

সমগ্র দেশত আজি নৌসেনা দিৱস পালন কৰা হৈছে। নৌসেনা বাহিনীৰ সাফল্য আৰু ভূমিকাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে ৪ ডিচেম্বৰত এই দিৱস পালন কৰা হয়। ১৯৭১ চনত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত নৌসেনা বাহিনীয়ে আজিৰ দিনটোতে পি এন এছ খাইবাৰসহ পাকিস্তানৰ ৪খন জাহাজ ধবংস কৰিছিল। এইবেলি কেৰালাৰ তিৰুৱনন্তপুৰমৰ ষণমুগম তীৰত আকর্ষণীয় প্ৰদৰ্শনেৰে নৌসেনা দিৱস পালন কৰা হৈছে। এই আয়োজনে মহাসাগৰ উদ্যমৰ অধীনত পছন্দৰ সুৰক্ষা সহযোগীৰ ভূমিকা পালন কৰাৰ প্রতি নৌসেনা বাহিনীৰ সংকল্প প্ৰতিফলিত কৰিছে। নৌসেনা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্...

December 4, 2024 12:03 PM

views 14

আজি নৌসেনা দিৱস

আজি নৌসেনা দিৱস। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতীয় নৌবাহিনীয়ে ট্রাইডেণ্ট অভিযানৰ সময়ত কৰাচী বন্দৰত আক্ৰমণ কৰি পাকিস্তান নৌবাহিনীৰ পি এন এছ খাইবাৰকে ধৰি ৪ খন যুদ্ধ জাহাজ ধ্বংস কৰাৰ ৪ ডিচেম্বৰৰ দিনটো প্ৰতি বছৰে নৌসেনা দিৱস হিচাপে পালন কৰি অহা হয় । এই দিৱসত বিগত দশকসমূহত নৌবাহিনীয়ে লাভ কৰা সফলতাৰ গৌৰৱগাঁথা স্মৰণ কৰা হয়। এই উপলক্ষে আজি নৌ বাহিনীৰ মুখ্যালয় আৰু বিভিন্ন কামাণ্ডত ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।