March 31, 2025 11:37 AM

views 14

গ্ৰীচত হ’বলগীয়া বহুদেশীয় বায়ু অনুশীলনত ভাৰতীয় বায়ুসেনাৰ অংশগ্ৰহণ

ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ'বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব। ১২ দিনীয়া এই অনুশীলনৰ অহা ১১ এপ্ৰিলত অন্ত পৰিব। ভাৰতীয় বায়ুসেনাৰ দলত সুখই-৩০, আই এল-৭৮ আৰু চি-১৭ বিমান আছে। এই অনুশীলনৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ ক্ষমতা শক্তিশালী হ'ব আৰু অনুশীলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধি পাব।