November 6, 2025 11:40 AM

views 30

ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব

● ভাৰতীয় নৌসেনাই কোচিৰ নৌসেনা ঘাটিত আজি ইক্ষক জাহাজ সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্রিপাঠীৰ উপস্থিতিত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱগত কৰিছে যে দক্ষিণ নৌসেনা কমাণ্ডত অন্তর্ভুক্ত হ'বলগীয়া এই বিশেষ শ্ৰেণীৰ জাহাজখনে ভাৰতীয় নৌসেনা বাহিনীৰ হাইড্ৰ'গ্ৰাফিক জৰীপ ক্ষমতা বৃদ্ধি কৰিব। মন্ত্রালয়ে লগতে জনাইছে যে, ইক্ষক জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদর্শন। ‘ইক্ষক’ অর্থাৎ গাইড বা নির্দেশক নামটোৱে জাহাজখ...

October 21, 2025 7:49 PM

views 81

বুধবাৰে নতুন দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন

নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। অপাৰেচন সিন্দুৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূর্ণ হৈ উঠিছে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেবিনেট সচিবে নৌ সেনাবাহীনৰ কমাণ্ডাৰসকলক উদ্দেশি ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বার্থ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষর্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ গুৰুত্বৰ বিষয়ে বিশ্লেষণ আগবঢ়াব। চীফ অব ডিফেন্স ষ্টাফ আৰু বায়ু সেনা বাহিনীৰ মুৰব্বীয়েও সন্মিলনত ...

September 12, 2025 12:25 PM

views 43

গুৰুগ্ৰামত আজি আই এন এছ আৰাৱলী জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত

গুৰুগ্ৰামত আয়োজিত এটা অনুষ্ঠানত আজি আই এন এছ আৰাৱলী নামৰ জাহাজখন নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে আৰাৱলী পর্বতমালাৰ নামেৰে নামকৰণ কৰা এই জাহাজখনে নৌসেনাৰ তথ্য আৰু যোগাযোগ পৰিকাঠামো সুদৃঢ় কৰিব। অনুষ্ঠানত নৌ সেনা বাহিনীৰ মুৰববী এডমিৰেল দীনেশ কে.ত্রিপাঠীয়ে অধ্যক্ষতা কৰিব ।

July 23, 2025 9:28 PM

views 34

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ – INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত

নৌসেনা বাহিনীৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ - INS Delhi, INS Shakti, INS Satpura আৰু INS Kiltan আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয়। দক্ষিণ-পূব এছিয়াত নৌ বাহিনীৰ সামৰিক গতি-বিধিৰ অংশ হিচাপে ছিংগাপুৰলৈ যোৱা এই যুদ্ধ জাহাজকেইখনৰ নেতৃত্বত আছে ৰিয়েৰ এডমিৰেল সুশীল মেনন। ভাৰতীয় নৌ বাহিনী আৰু ছিংগাপুৰ নৌ বাহিনীৰ মাজত সামুদ্রিক সহযোগিতা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে সেই দেশত উপস্থিত হোৱা ভাৰতীয় যুদ্ধ জাহাজকেইখনৰ মুৰবৰী ৰিয়েৰ এডমিৰেল মেননে ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্ত শিল্পক আম্বুলে আৰু...

July 23, 2025 12:48 PM

views 37

ভাৰতীয় নৌসেনাৰ উদ্যোগত নতুন দিল্লীত এদিনীয়া জাহাজ নির্মাণ আলোচনা চক্ৰৰ আয়োজন

ভাৰতীয় নৌসেনাই নতুন দিল্লীত আজি এদিনীয়া জাহাজ নির্মাণ আলোচনা চক্ৰৰ আয়োজন কৰিব। জাহাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ বিষয়ক আলোচনা চক্ৰখনে চৰকাৰ, ভাৰতীয় নৌসেনা, জাহাজ নির্মাণ কাৰখানা, উদ্যোগ আৰু শিক্ষাবিদসকলক একত্রিত কৰিব। এই অনুষ্ঠানত জাহাজ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন নীতিগত দিশৰ ওপৰত সংহত আৰু উন্নয়নমুখী আলোচনা কৰা হ'ব। এই অনুষ্ঠানৰ সময়ত অংশগ্ৰহণকাৰীসকলে বিশ্বজুৰি কাৰ্যকৰী হৈ থকা ভৱিষ্যত প্ৰযুক্তিসমূহৰ বিষয়ে অন্বেষণ কৰাৰ উপৰি বিশ্বৰ মানদণ্ড পূৰণ কৰিব পৰা জাহাজ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতীয...

July 18, 2025 3:27 PM

views 26

গভীৰ সমুদ্ৰত চাবমেৰিনৰ পৰা নাবিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ নিস্তাৰ নৌ সেনাত অন্তৰ্ভুক্ত ভাৰতীয় নৌসেনাৰ

■ ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত ভাৰতৰ গভীৰ সমুদ্ৰত চাবমেৰিনৰ পৰা নাবিকক উদ্ধাৰ কৰিব পৰা বিশেষ জাহাজ নিস্তাৰ নৌ সেনাত অন্তৰ্ভুক্ত কৰে। এই সমাৰোহত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠ, নৌ সেনাৰ মুৰববী এডমিৰেল ডিনেশ কে ত্রিপাঠী আৰু অন্যান্য জ্যেষ্ঠ প্রতিনিধিসকল উপস্থিত আছিল। হিন্দুস্তান চিপিয়ার্ড লিমিটেডে নিৰ্মাণ কৰা নিস্তাৰ হৈছে ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত প্ৰথখন জাহাজ। এই জাহাজৰ জৰিয়তে ভাৰতে আত্ম নিৰ্ভৰতাৰ দিশেষ আৰু এখোজ আগবঢ়িছে।

July 11, 2025 5:29 PM

views 50

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ আমেৰিকাৰ ২ নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী নাগৰিকক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে আৱদ্ধ হৈ পৰা লোক দুগৰাকীয়ে প্ৰেৰণ কৰা বিপদ সংকেত লাভ কৰাৰ পাছত পৰ্ট ব্লেয়াৰৰ সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰই এলেকাটোত বিচৰণ কৰি থকা জাহাজসমূহক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়াকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে ভাৰতীয় উপকূল ৰক্ষী বাহিনীয়েও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ছি এঞ্জেল...

May 27, 2025 8:37 PM

views 54

ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল তাৰিণীৰে বিশ্ব পৰিভ্ৰমণ সম্পন্ন কৰা দলটোক আদৰণি জনাবলৈ সাজু নৌসেনা বাহিনী

নৌসেনা বাহিনীয়ে নাৱিকা সাগৰ পৰিক্ৰমা কাৰ্য্যসূচীৰ দ্বিতীয় সংস্কৰণৰ অধীনত ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল তাৰিণীৰে বিশ্ব পৰিভ্ৰমণ সফলতাৰে সম্পন্ন কৰা দলটোক আদৰণি জনাবলৈ সাজু হৈছে। নৌসেনা বাহিনীয়ে এটা বিবৃতিযোগে কৈছে, যে এই পৰিক্ৰমা সম্পন্ন কৰি লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা এ আৰু লেফটেনেণ্ট কমাণ্ডাৰ দিলনা কেই বৃহস্পতিবাৰে গোৱাত উপস্থিত হ'ব। সেইদিনা গোৱাৰ মমুগাঅ' বন্দৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে আয়োজিত সমাৰোহত অধ্যক্ষতা কৰিব। এই অভিযান দেশৰ সামুদ্রিক প্রয়াসৰ প্ৰতীক, যিয়ে বিশ্বৰ সামুদ্...

April 21, 2025 8:14 PM

views 45

ভাৰতীয় নৌসেনাৰ মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ এম এন ডি এফ হুৰাভি জাহাজখন পুনৰ মেৰামতি

ভাৰতীয় নৌসেনাই মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ এম এন ডি এফ হুৰাভি নামৰ জাহাজখন পুনৰ মেৰামতি কৰি দেশখনক উপহাৰ দিবলৈ সমৰ্থ হৈছে। ভাৰতৰ মহাসাগৰ আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত মুম্বাই পোতাশ্রয়ত এই মালদ্বীপৰ এই পুৰণি জাহাজখন সম্পূর্ণ নতুন সা-সৰঞ্জাম সংযুক্ত কৰি ইয়াক ব্যৱহাৰ উপযোগী কৰা হৈছে। নতুনকৈ সাজি উলিওৱা এই জাহাজখনে আজি মুম্বাই পোতাশ্রয়ৰ পৰা মালদ্বীপ অভিমুখে ৰাওনা হয়। যোৱা বছৰৰ ১৩ নৱেম্বৰত মালদ্বীপৰ এই জাহাজখনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। এই সময়ছোৱাত ভাৰতীয় নৌ বাহিনীয়ে জাহাজখনৰ ইঞ্জ...

September 3, 2024 8:10 PM

views 35

আজিৰে পৰা নতুন দিল্লীত ১২ দিনীয়াকৈ সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যসকলৰ স্থল সৈনিক শিবিৰ অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ১২ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যসকলৰ বাবে স্থল সৈনিক শিবিৰ অনুষ্ঠিত হৈছে। স্থলসৈনিক শিবিৰত বিশেষকৈ স্থল শাখাৰ সদস্যসকলৰ মাজত নেতৃত্ব আৰু দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা, চাৰিত্ৰিক বিকাশ আদিৰ সামগ্ৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰৰ অংশগ্ৰহণকাৰীসকলৰ মাজত মানচিত্ৰৰ অধ্যয়ন বিভিন্ন প্ৰত্যাহ্বানৰ প্ৰশিক্ষণ আদিৰ সন্দৰ্ভত অৱগত কৰোৱা হ'ব। শাৰিৰীক সক্ষমতা, মানসিক দৃঢ়তা, দলীয় ভাৱনাৰে কাম কৰাৰ মানসিকতা আদিৰ ...