May 29, 2024 12:07 PM

views 31

ভাৰতৰ সত্যদ্বীপ গুপ্তাৰ একেটা আৰোহণ বৰ্ষত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ল্‌হোটছেত দুবাৰকৈ আৰোহণৰ নতুন ইতিহাস ৰচনা

ভাৰতৰ সত্যদ্বীপ গুপ্তাই একেটা আৰোহণ বৰ্ষত মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ল্‌হোটছেত দুবাৰকৈ আৰোহণ কৰি নতুন ইতিহাস ৰচনা কৰিছে। সত্যদ্বীপ এনে কৃতিত্ব অর্জন কৰা প্ৰথমগৰাকী পৰ্বতাৰোহী ৰূপে পৰিগণিত হৈছে। সত্যদ্বীপে মাউণ্ট এভাৰেষ্টৰ পৰা মাউণ্ট ল্‌হোটছেলৈকে ১১ ঘণ্টা আৰু ১৫ মিনিটত যাত্ৰা কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপেও অন্য এটা কৃতিত্ব অর্জন কৰিছে।