November 8, 2024 12:07 PM

views 14

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। দুদিনীয়া এই মহোৎসৱৰ মূল লক্ষ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক নীতি, সামৰিক ইতিহাস আৰু সামৰিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ, স্বেচ্চাসেৱী সংস্থা, শিক্ষাবিদ, আৰু গৱেষক সকলক ইয়াৰ সৈতে জড়িত কৰোৱা। প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে আন তিনিগৰাকী সেনা সেৱা মুৰব্বীৰ সৈতে এই উৎসৱ উদ্বোধন কৰিব। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ‘শৌৰ্য্য গাথা’ৰ প্ৰকল্পও উন্মোচন কৰা হ'ব।ভাৰতৰ...