January 22, 2026 7:47 PM

views 11

ভ্রাম্যমান স্ট্রোক গোটৰ স্ট্রোকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা

অসমত ভাৰতীয় চিকিৎসা গবেষণা পৰিষদৰ পৰা লাভ কৰা ভ্রাম্যমান স্ট্রোক গোটে স্ট্রোকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই উদ্যমৰ ফলত চিকিৎসাৰ সময় ২৪ ঘণ্টাৰ পৰা দুঘণ্টালৈ হ্রাস পাইছে আৰু স্ট্রোকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এক তৃতীয়াংশ হ্রাস পাইছে। একেদৰে স্ট্রোকত পৰি হোৱা বিকলাংগতা ৮ গুণ হ্রাস পাইছে। ভ্রাম্যমান ম'বাইল স্ট্রোক গোটে ৰাজ্যৰ দূৰণিবটীয়া এলেকাৰ ৰোগীসকলক ক্ষিপ্র সাহায্য আৰু চিকিৎসা প্রদানৰ পথ প্রশস্ত কৰিছে। ভ্রাম্যমান স্ট্রোক গোটসমূহ একপ্ৰকাৰৰ ভ্ৰাম্যমান চিকিৎসালয় আৰু এই চিকিৎ...