August 9, 2024 11:35 AM

views 16

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ব্ৰঞ্জৰ পদক, প্ৰতিগৰাকী খেলুৱৈলৈ ১৫ লাখ টকা হকী ইণ্ডিয়াৰ

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। যোৱা নিশা হোৱা তৃতীয় স্থান নির্ণয়কাৰী খেলত ভাৰতে প্ৰথমে গ’ল খোৱাৰ পাছত স্পেইনক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰাৰ গৌৱৰ অৰ্জন কৰে। খেলৰ ১৮ মিনিটত মাৰ্ক মিৰালেছৰ গ’লেৰে স্পেইনে প্রথমে অগ্রগতি লয়। কিন্তু ভাৰতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ৩০ আৰু ৩৩ মিনিটত অধিনায়ক হৰমনপ্রীত সিঙে দিয়া দুটা পেনাল্টি কর্ণাৰৰ গ’লৰ সহায়ত খেলখনত জয়লাভ কৰে। উল্লেখযোগ্য যে বিগত টকিঅ’ অলিম্পিকতো ভাৰতে ব্ৰঞ্জৰ পদক লাভ ...