August 10, 2024 6:13 PM

views 21

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা ভাৰতীয় পুৰুষ হকী দলক আদৰণি

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক দিল্লী বিমান বন্দৰত আদৰণি জনোৱা হয়। দলটো বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কেপ্তেইন হৰমন প্ৰীট সিং, গলৰক্ষক পি আৰ শ্ৰীজেছ আৰু প্ৰাক্তন কেপ্তেইন মনপ্রীত সিং সহ অন্যান্যসকলক ফুলৰ মালাৰে আদৰণি জনোৱা হয়।

May 23, 2024 12:46 PM

views 23

এফ আই এইচ প্ৰ’ লীগত ভাৰতৰ মহিলা হকী দল আৰ্জেণ্টিনাৰ হাতত ০-৫ গ’লত পৰাস্ত

২০২৩-২৪ বৰ্ষৰ এফ আই এইচ প্ৰ লীগত ভাৰতৰ মহিলা হকী দলটোৱে নিজৰ প্ৰথমখন খেলত আৰ্জেণ্টিনাৰ হাতত ০-৫ গ'লত পৰাজিত হয়। খেলখনৰ প্ৰথমাৰ্ধত ভাৰতৰ খেলুৱৈসকলে নিয়ন্ত্ৰণ বৰ্তাই ৰাখিবলৈ আপ্রাণ চেষ্টা কৰে। অৱশ্যে কেইবাটাও পেনাল্টি কর্ণাৰ লাভ কৰা আৰ্জেণ্টিনাৰ তীব্ৰ চাপৰ সন্মুখীন হ'বলগীয়া হয় আৰু অৱশেষত ০-৫ গ'লৰ ব্যৱধানত পৰাজয়ৰৰণ কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্ত্তী খেলখনত কাইলৈ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

May 21, 2024 7:35 PM

views 23

বেলজিয়ামৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ জয়লাভ

ইউৰোপ ভ্ৰমণলৈ যোৱা ভাৰতীয় হকী দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে জয়লাভেৰে তেওঁলোকৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভাৰতীয় দলৰ সহ অধিনায়ক শদানন্দ তিৱাৰীয়ে এটা পেনাল্টি স্ট্রোকক গ'ললৈ পৰিৱৰ্তিত কৰি দলটোক প্ৰথম অগ্রগতি প্ৰদান কৰে। আনহাতে, খেলৰ প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বে একেগৰাকী খেলুৱৈয়ে পেনাল্টিৰ জৰিয়তে গ'ল দি দলৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। আনহাতে, বেলজিয়ামৰ দলটোৱে খেলৰ দ্বিতীয়ার্ধত পেনাল্টি কৰ্ণাৰক গ'ললৈ ৰূপান্তৰ কৰি গ'লৰ ব্যৱধান ২-১ লৈ হ্ৰাস কৰে। আনহাতে, খেল শেষ হোৱাৰ কেইমিনিটমান পূর্বে আন এটা পেনাল্টি ...