November 6, 2025 12:01 PM

views 92

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ'ভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে। ইপিনে, অষ্ট্ৰেলিয়াই চতুর্থ খেলখনৰ বাবে দলত কেইবাটাও সালসলনি কৰি ট্ৰাভিছ হেড আৰু শ্বেন এবটক বিশ্রাম দিছে।

February 15, 2025 7:53 PM

views 48

আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্রিকেট দল ডুবাই অভিমুখে ৰাওনা

সমাগত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো আজি ডুবাই অভিমুখে ৰাওনা হৈছে। ভাৰতে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। ইয়াৰ পাছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আঘাতৰ বাবে যশপ্রীত বুমৰাক দলত অন্তৰ্ভুক্ত নকৰা হেতুকে আশদ্বীপ সিং আৰু হৰ্ষিত ৰাণাই খেলাৰ সুযোগ লাভ কৰিছে। দলত স্পীনাৰ বৰুণ চক্ৰৱৰ্তীকো স্থান দিয়া হৈছে।

July 4, 2024 1:23 PM

views 64

বিশ্বকাপ বিজয়ী ভাৰতীয় ক্রিকেট দলটো দিল্লীত উপস্থিত

টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। ভাৰতীয় দলটোক আদৰণী জনোৱাৰ বাবে ক্রিকেট অনুৰাগীসকলে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হয়। ভাৰতীয় দলটো বেৰিল ঘূৰ্ণী বতাহৰ বাবে টি-টুৱেন্টি বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত বাৰবাডোছত আৱদ্ধ হৈ আছিল। ভাৰতীয় দলটোৱে মুম্বাইলৈ ৰাওনা হোৱাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ সচিব জয় শ্বাহে কৈছে যে, বিজয়ী দলটোৱে আজি বিয়লি মুম্বা...