August 23, 2025 8:53 PM

views 21

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৰ প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপ ২০২৫ত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন কৰিছে। সোণৰ পদকৰ বাবে অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ কুশল দালাল, মিহিৰ আপাৰ আৰু গণেশ মণিৰত্নমে শ্বুট আউটত জাৰ্মানীক পৰাস্ত কৰে। ১৮ বছৰ অনূৰ্ধ্ব পুৰুষৰ কম্পাউণ্ড শাখাৰ ফাইনেলত ভাৰতৰ মোহিত দাগৰ, য়োগেশ যোশী আৰু দেৱাংছ সিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।