February 1, 2025 6:10 PM

views 20

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

আজি ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত এই শক্তিৰ সাহস, নিষ্ঠা, আৰু অদম্য সতর্কতাৰ বাবে প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে সামুদ্রিক সুৰক্ষাৰ পৰা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱালৈকে, চোৰাংচোৱা বিৰোধী অভিযানৰ পৰা আৰম্ভ কৰি পৰিৱেশ সুৰক্ষালৈকে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ইয়াৰ জলধাৰা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে।