April 24, 2025 10:24 AM

views 9

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ক’নেৰু হাম্পিৰ পুনে ফিডে মহিলা গ্রাঁ প্ৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ক'নেৰু হাম্পিয়ে পুনে ফিডে মহিলা গ্রাঁ প্ৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। হাম্পিয়ে কালি অনুষ্ঠিত নিজৰ অন্তিম ৰাউণ্ডৰ খেলত বগা গুটিৰে খেলি বুলগেৰিয়াৰ নৰগ্যুল ছলিম'ভাক ৯-৭ পইণ্টত পৰাস্ত কৰে। চীনৰ গ্ৰেণ্ডমাষ্টাৰ ঝু জিনৰেও কালি তেওঁৰ অন্তিম ৰাউণ্ডত ৰাছিয়াৰ প'লিনা ছুৱাল'ভাক ৯–৭ পইণ্টত পৰাস্ত কৰে যদিও টাইব্রেকাৰৰ নিয়ম অনুযায়ী দ্বিতীয় স্থান লাভ কৰে। গ্ৰাঁ প্ৰি পইণ্ট আৰু পুৰস্কাৰৰ ধনৰাশি হাম্পি আৰু ঝু জিনৰক সমানে সমানে ভগাই দিয়া হ'ব। এই জয়ৰ সুবাদত হাম্পি মহিলাৰ পৰৱৰ্তী ক...